Sunday, January 6, 2013

দুপৰীয়া ঘৰৰ মুধচত শালিকী


শালিকীৰ মূৰত শলা
শলা খুলি দিলোঁ
তাই জোন জোন জোনালী
ৰাতি জোনাকৰ পৰা সৰি পৰা
এজনী দিপলীপ পৰী

আৰু কোনে পায় তাইক
পৰী উৰি গ'ল জোনৰ দেশলে'
এজন ৰাজকোঁৱৰ বিচাৰি

জোনে অভিশাপ দিলে
সিদিনাৰ পৰা তাই
আকৌ শালিকী হ'ল

এতিয়া দুপৰীয়া দুপৰীয়া মোৰ ঘৰৰ মুধচত পৰি কান্দি থাকে

দিমনে খুলি তাইৰ
মূৰৰ শলা
------------
ණ কন্দর্পজিৎ কল্লোল
Share: