Monday, December 3, 2012

ৰাজঅট্টালিকাৰ ভিক্ষাৰী

অচেতন গুপ্ত পৃথিবীৰ
শব্দহীন আন্ধাৰৰ বুকুত
আজিও সাৰে আছো
সাৰে আছে
বিস্মৃতিৰ অন্তৰালত হেৰাই যোরা
স্বপ্নময় জীবনৰ সপোনবোৰ
কুশলে আছানে তুমি ??
বালিচৰৰ বালিময় বকুৰ
সূখৰ পোচাকজোৰ আজি
ৰাজঅট্টালিকাৰ চৌহদত
দূখৰ পোছাক হৈ পৰি আছে
ঠিকনাবিহীন প্রেমৰ
পৰিচয় হৈ
স্নিগ্ধ জ্যোস্নাৰ বুকুতো
আজি ঘোঁপমৰা আন্ধাৰ
মাজত একোৰা দপদপীয়া জুইৰ
কৰোণ ঝংকাৰ
কুশলেই বাৰো আছানে তুমি ??
তুমিয়েই জানো কোরা নাছিলা
সংগ্রাম জীবনৰ আন এটি নাম
তাৰ সান্নিধ্যতেই আজি সাতুৰিছো
পাৰ হৈছো সাগৰৰ
ইপাৰ আৰো সিপাৰ
আজি মই প্রাচুর্য্যৰ
একেবাৰেই শীর্ষত
মাথো হেৰাই গ'ল ৰাজঅট্টালিকাৰ কুরৰী !!


Shared by -  Akash
Share:

0 comments:

Post a Comment