Tuesday, December 10, 2013

Log kehte hai ki 40,000/

Log kehte hai ki 40,000/-
ka royal paint lagaye to ghar rangeen dikhta he
. . . . . . . . . . . .
Are pagal 400/-ki ROYAL STAG piyo,
sara shehar rangeen dikhega..!.
Share:

Boogie Woogie is Back.. Best Indian Dance show ever!

Boogie Woogie is Back.. Best Indian Dance show ever!

Share:

Sunday, January 6, 2013

দুপৰীয়া ঘৰৰ মুধচত শালিকী


শালিকীৰ মূৰত শলা
শলা খুলি দিলোঁ
তাই জোন জোন জোনালী
ৰাতি জোনাকৰ পৰা সৰি পৰা
এজনী দিপলীপ পৰী

আৰু কোনে পায় তাইক
পৰী উৰি গ'ল জোনৰ দেশলে'
এজন ৰাজকোঁৱৰ বিচাৰি

জোনে অভিশাপ দিলে
সিদিনাৰ পৰা তাই
আকৌ শালিকী হ'ল

এতিয়া দুপৰীয়া দুপৰীয়া মোৰ ঘৰৰ মুধচত পৰি কান্দি থাকে

দিমনে খুলি তাইৰ
মূৰৰ শলা
------------
ණ কন্দর্পজিৎ কল্লোল
Share:

Monday, December 3, 2012

ৰাজঅট্টালিকাৰ ভিক্ষাৰী

অচেতন গুপ্ত পৃথিবীৰ
শব্দহীন আন্ধাৰৰ বুকুত
আজিও সাৰে আছো
সাৰে আছে
বিস্মৃতিৰ অন্তৰালত হেৰাই যোরা
স্বপ্নময় জীবনৰ সপোনবোৰ
কুশলে আছানে তুমি ??
বালিচৰৰ বালিময় বকুৰ
সূখৰ পোচাকজোৰ আজি
ৰাজঅট্টালিকাৰ চৌহদত
দূখৰ পোছাক হৈ পৰি আছে
ঠিকনাবিহীন প্রেমৰ
পৰিচয় হৈ
স্নিগ্ধ জ্যোস্নাৰ বুকুতো
আজি ঘোঁপমৰা আন্ধাৰ
মাজত একোৰা দপদপীয়া জুইৰ
কৰোণ ঝংকাৰ
কুশলেই বাৰো আছানে তুমি ??
তুমিয়েই জানো কোরা নাছিলা
সংগ্রাম জীবনৰ আন এটি নাম
তাৰ সান্নিধ্যতেই আজি সাতুৰিছো
পাৰ হৈছো সাগৰৰ
ইপাৰ আৰো সিপাৰ
আজি মই প্রাচুর্য্যৰ
একেবাৰেই শীর্ষত
মাথো হেৰাই গ'ল ৰাজঅট্টালিকাৰ কুরৰী !!


Shared by -  Akash
Share:

মোৰ মৰমৰ বন্ধু তুমি



কিমান থাকিবা আৰু
দুখৰ সাগৰত ডুবি
এবাৰ কোৱা মোক তোমাৰ মনৰ কথা খুলি
সমস্ত বাধা নেওঁচি দৌৰি যাম তোমাৰ কাষলে
নোৱাৰো তোমাক এৰি আহিব মই
দূখৰ সাগৰত কাৰণ
তুমি মোৰ মৰমৰ বন্ধু

Submit by Arpon
Share:

Sunday, September 9, 2012

এটি ফুল


অৰ্থহিন জীৱনৰ বাগিছাত ফুলা এটি ফুলে
দিনটোৰ ব্যস্ততাৰ অন্তত বাৰুকৈয়ে আমনি কৰে
অবশ্যে, সেই ফুলটো এটিয়া মোৰ হাতত নাই
তথাপিতো কিয় জানো
হথাৎ চিঞৰি  উঠো ফুলটিৰ ষ্পৰ্ষ পাই ।
সাৰ পাই দেখো কেৱল মাথো শুণ্যতা
অবাক হৈ ৰও কিছু মুহুৰ্ত
ঘড়ীটোলৈ চালো
নিশা চাৰে বাৰ বাজিছে
নাই কোনো ব্যতিক্রম ।
প্রতিটো নিশাৰ দৰেই সেই একে স্বপ্ন
শুনো মাথো এগৰাকি নাৰীৰ হৃদয় বিদাৰক অৰ্তনাদ
তেতিয়া অনুভৱ হয়
মই কিবা ভূল কৰিলো নেকি ?

-------------------
কবি : অভিজিত দাস

Share:

তুমি আকৌ আহিলা


অবাস্তব যেন লাগিলেওঁ সচাঁ
বিষাদ তুমি অকৌ আহিলা
কিমান ইতিহাষৰ পাত লুতিয়ালো
তোমাৰ ঠিকনা বিচাৰি নাপালো

কিন্তু আজি কিহৰ বাবে
ধৰা দিলা মোৰ দুচকুত
কণ্টকীয়া সান্তনা দিবলৈ

কিয় ?
কিয় খোমাইচা মোৰ বুকুত
চিৰ দিনৰ বাবে ।
Share: