Thursday, August 30, 2012

*সংগীবিহীন*


স্মৃতিৰ আছলত মুখ গুজা,
মই এটা আহত পক্ষী,
যাৰ নাই কোনো অতীত বর্তমান নাইরা ভরিষ্যত,
পোহৰ বিছাৰি বাগৰ সলাই দেখো,
আঁউসীৰ ঘোপ মৰা আন্ধাৰ !!

নি:সঙ্গ আজি মোৰ জীরন
তুমিয়েই কোরাছোন,
নি:সঙ্গতা জানো জীরন হ'ব পাৰে !!

সপোনবোৰ মৰহি গ'ল
স্মৃতিবোৰ বেদনা হৈ ৰ'ল
সংগী হৈ ৰ'ল
নিশাৰ গীতাৰ খন,
কাৰন
নি:সঙ্গতা কোনো জীরন হ'ব নোরাৰে !! 
Share:

0 comments:

Post a Comment