বৰগছ এজোপাৰ দৰে মই যথৰ হৈ আছিলো
এজাক বতাহ হৈ তুমি কপাই তুলিলা খিলি খিলি হালধীয়া পাত
তুমাৰ সৈতে মই গৈছিলো চিৰিয়াখানা অ নহয় কামাখ্যা
দীঘলী পুখূৰী, জালুকবাৰী, কলাক্ষেত্ৰ এইবোৰ কলৈকো নহয়
তুমাৰ সৈতে মই গৈছিলো এখন আদিম অৰণ্যলৈ
যত ফুলি আছে চকুলুৰ বৰণীয়া ফুল
চৰাইৰ কন্ঠত বাজি আছিল বিষাদৰ গান
সময় অসময়ে নামি আহিছিল জাক জাক ছিপ ছিপ বৰষুন
লপকৈ গজি উথিছিল শেলুৱে সপোন
মাজে মাজে মই হেৰাই গৈছিলো ঘন কুৱলীত
মাজে মাজে মই হেৰাই গৈছিলো মৌনতা আৰু জোনাকৰ কোলাত
তুমাৰ আকাশৰ চেঁচা মাতত মই উভতি আহিছিলো
সলাই লৈছিলো হাঁহিৰ পোছাক
তুমাৰ সৈতে মই গুছি গৈছিলো এখন আদিম অৰণ্যলৈ ওহু
হৃদয় নামৰ এখন কঙ্কৃত চহৰলৈ ।
Shared by - Manoj
--------

0 comments:
Post a Comment