Tuesday, June 26, 2012

বাৰিষা


বাৰিষাৰ বৰ নৈ বহাদি বুকুত বহিছে মৰমবোৰ
কেৱল তোৰলৈ বুলি আশাও বাঢ়িছে
সপোনে মেলিছে কলি
মনেও নেমানে বুজনি
দূৰে দূৰ থাকি নকৰিবি আমনি মোক
বাৰিষাৰ বৰষুণ জাকৰ সৈতে আহাছোন সোনকালে
দিও ওজাৰি বুকুত ওঠলি থকা মৰমবোৰ।

Submitted by - SIBANI
--------
Share:

0 comments:

Post a Comment

Blog Archive